
কামৰূপ, ০১ আগষ্ট (হি.স.): হাজো আৰক্ষীৰ জালত পৰিছে কিশোৰী অপহৰণকাৰী ৰহিজুদ্দিন আলী। তিনি সন্তানৰ পিতৃ আৰু দুই পত্নীৰ স্বামী ৰহিজুদ্দিন আলী। এমাহ পুৰ্বে হাজোৰ তাপাবড়ী চৰৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক তিনি সতীৰ্থৰৰে মিলি অপহৰণ কৰিছিল ৰহিজুদ্দিনে।
তাপাবড়ীৰ পৰা বাইকেৰে অপহৰণ কৰি নি কিশোৰী গৰাকীক প্ৰথমে হাজোৰ দামপুৰলৈ লৈ গৈছিল ৰহিজুদ্দিনে। দামপুৰত চাহত নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি নি কিশোৰী গৰাকীক বহুৱাইছিল বেংগালুৰ অভিমুখী ৰে’লত। এমাহ ধৰি বেংগালুৰত ৰাখি কিশোৰী গৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ পিছত ২৯ জুলাই তাৰিখে পুনৰ ৰে’লযোগে কিশোৰী গৰাকীক লগত লৈ বেংগালুৰৰ পৰা গুৱাহাটীত উপস্থিত ৰহিজুদ্দিন।
গুৱাহাটীৰ পৰা কিশোৰী গৰাকীক আমিনগাঁৱৰ হাজো চ’কলৈ লৈ আহি নিশাৰ ভাগত সেই স্থান এৰি পলায়ন কৰে লম্পট ৰহিজুদ্দিন আলীয়ে। তেনে সময়তে কিশোৰী গৰাকীক একেখন গাঁৱৰে দুই যুৱকে প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ কৰাত পৰিয়ালৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰী গৰাকীক।ভুক্তভোগী কিশোৰীৰ ভাষ্যৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে লম্পট ৰহিজুদ্দিন আলীক টাঙোনমাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
