মৰিগাঁও, ০৭ ফেব্ৰুৱাৰী। মৰিগাঁও জিলাৰ লাহৰিঘাট আৰু মৈৰাবাৰীত চাইবাৰ অপৰাধীক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। চাইবাৰ অপৰাধী বিচাৰি লাহৰিঘাট আৰু মৈৰাবাৰীত মৰিগাঁও আৰক্ষীয়ে উৰে নিশা অভিযান চলায়। অভিযানত বৰ্তমানলৈ ১৭ জনকৈ চাইবাৰ অপৰাধীক আটক কৰিছে আৰক্ষীয়ে।
বহি ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নামত ভুৱা নথি প্ৰস্তুত কৰি ঋণ সংগ্ৰহ কৰিছিল এই অপৰাধী কেইটাই। এই চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান।
