মৰিগাঁও, ১৫ ডিছেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰীত আটক কৰা হৈছে ২ জন ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰোতা। বৃহস্পতিবাৰে সন্ধিয়া মৈৰাবাৰী থানা এলেকাধীন গুনাইবড়ী গাৱত ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থাকোতে স্থানীয় যুৱক কেইজনমানৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰোতা দুজনক।
ধৃতগৰাকীৰ এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম পূৰবী। আনজনৰ নাম অসীম বৰ্মন। মৈৰাবাৰী আৰক্ষীয়ে ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্যত ব্যৱহৃত লেপটপ প্ৰিন্টাৰ জব্দ কৰিছে। আৰক্ষীয়ে লগতে এএছ ২৩ কিউ ২৯৯২ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰি থানালৈ আনিছে। আটকাধীন দুজনৰ ঘৰ গুৱাহাটীৰ বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
