নগাঁও,: নগাঁও জিলাৰ ৰূপহীহাটৰ জ্যোতিনগৰত যোৱাকালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এটাক আটক কৰে।
ড্ৰাগছ সৰ্বৰাহকাৰীৰ পৰা 5 টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰে ৰূপহীহাট আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰ্বৰাহকাৰীটো তামুলীটোপৰ ইব্ৰাহিম আলী। তামুলীটোপৰ পৰা জ্যোতিনগৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাত হাতে-লোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।
