
ধুবুৰী, ২৬ জুলাই (হি.স.)। ধুবুৰীৰ বিলাসীপাৰাত চোৰাং গোধন তথা গো ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী বাহিনী | বিলাসী বাহন এখনত চোৰাং গোধন কঢ়িয়াই নি থাকোতে আৰক্ষীয়ে নিশা খেদি যোৱাত পলায়ন কৰিবলৈ লোৱা তীব্ৰবেগী ইণ্ডিগো ইছিএছ বাহন খন দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে খেদি খেদি গৰু সহ সৰবৰাহকাৰী আটক কৰিবলৈ সমৰ্থ হয়।
প্ৰাপ্ত তথ্য়মতে, এএছ ১৮ ডি ৬২৮৮ নম্বৰৰ ইণ্ডিগো ইছিএছ বাহন খনেৰে শুকুৰবাৰে নিশা তিনিটা চোৰাং গৰু কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল বিলাসীপাৰা আৰক্ষীয়ে | গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ দলে খেদি যোৱা তীব্ৰ বেগী বাহন খনে হাকামাৰ নিশিনাথ হাইস্কুলৰ সমীপত দুৰ্ঘটনা গ্ৰস্ত বাহন খন পথাৰৰ পানীত সমুৱাই যায় | ইয়াৰ পিছতে দি গৰু সৰবৰাহকাৰীৰ দলটো বাহন এৰি পলায়নৰ চেষ্টা চলায় |
পিছত আৰক্ষীয়ে খেদি খেদি এজন গৰু সৰবৰাহকাৰীক আটক কৰে যদিও আন্ধাৰৰ সুযোগ লৈ আন দুটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় |
আটক হোৱা গৰু সৰবৰাহকাৰীটো গোৱালপাৰাৰ ভালুকডুবিৰ ৰহিম আলী(৩২) বুলি জানিব পৰা গৈছে | এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে গৰু সৰবৰাহকাৰী জনক লপাথপা দিয়ে আৰু চোৰাং গৰু কঢ়িওৱা বাহন খন জ্বলাই বাবে উদ্ধত হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে |
পৰবৰ্তী সময়ত বাহন খনৰ ভিতৰৰ পৰা তিনিটা চোৰাং গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে | অধিক তথ্য উদ্ধাৰৰ বাবে আটকাধীন গো সৰবৰাহকাৰী ৰহিম আলীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে |
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
