ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী : দুলীয়াজানত উত্তপ্ত পৰিস্থিতি । দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত এটা প্ৰৱঞ্চকক আটক কৰি ৰাইজ লপা-থপা। ধৃত যুৱকজনক ডিব্ৰুগড় জিলাৰ জয়পুৰ টাউনৰ প্ৰবাল মেছ বুলি জানিবপৰা গৈছে।
দীৰ্ঘদিনৰ পৰা ধৃত যুৱকজনে চাহ বাগিচাৰ সহজসৰল শ্ৰমিকক জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ,আধাৰ কাৰ্ড আৰু কেতবোৰ চৰকাৰী আচঁনিৰ বাবে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বাবদ কৌশলেৰে ধন সংগ্ৰহ কৰি আহিছিল । মংগলবাৰে যুৱকজন ৰাইজে আটক কৰি লপা-থপা দি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ ৰোষৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত থানাত এক গোচৰ ৰুজু কৰি ধৃত যুৱকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে।
