
কাছাৰ, ২৪ জুন (হি.স.)। কাছৰাৰ জিলাৰ ৰংপুৰত দুঃসাহসিক চুৰি কাণ্ড সংঘটিত হৈছে। আৰক্ষী চকীৰ সম্মূখত থকা এটা ঘৰৰ পৰা চুৰে লুটি নিলে ২০ লাখ টকাৰ সোণৰ আ অলংকাৰ। স্থানীয় কাজল হুছেইল নামৰ এজন ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছে এই চুৰি কাণ্ড।
জানিব পৰা মতে, কাজল হুচেইন সহ তেওঁৰ পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি নিশা চোৰেৰ দলে ঘৰটোত অভিযান চলায়। আৰু লুটি লৈ যায় প্ৰায় ২০ লাখ টকাৰ সোণৰ আ অলংকাৰ সহ বহু মূল্যবান সামগ্ৰী। ঘৰৰ সম্মূখতেই আৰক্ষী চকী থকাৰ পিছতো চোৰ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । শিচলচৰ ৰংপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
