কোকৰাঝাৰ, ০৩ মাৰ্চ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ৰে’ল ষ্টেশনত যোৱাকালি নিশা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰা হয়। নামনিমুৱা ব্ৰহ্মপুত্ৰ ৰেলেৰে দিল্লীলৈ সৰবৰাহ কৰিবৰ বাবে ৰে’লত উঠাওতে অভিযানকাৰী দলে জব্দ কৰে গাঞ্জা সমূহ। জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব।
এই সন্দৰ্ভত দুজন যুৱকক আটক কৰা হৈছে। ধৃত যুৱক দুজনৰ এজন গোসাইগাঁও মহকুমাৰ সাপকাটাৰ বাসিন্দা সুৰত জামাল আৰু আনজনখ মালাগুৰিৰ ফাৰুক আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে। ইফালে আন এজন যুৱক পলায়ন কৰিছে। অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে যৌথভাবে অভিযান চলাই জব্দ কৰে গাঞ্জা সমূহ। জব্দকৃত গাঞ্জা খিনিৰ ওজন প্ৰায় বিশ কিলোগ্ৰাম।
