
গোৱালপাৰা, ২৮ ডিচেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত গুৰিয়া হীৰাপাৰা গাঁৱত নিশা নিষিদ্ধ ড্ৰাগছৰ ৰিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ৷ পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা আৰু কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আনন্দ ৰাভাৰ নেতৃত্বত চলোৱা এই অভিযানত নিষিদ্ধ ড্ৰাগছ সহ এটা সৰহবৰাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা ভেল্টাৰঘাট-বনগাওঁ গড় কাপ্তানি পথৰ গুৰিয়া হীৰাপাৰা গাঁৱত ১০টা কন্টেইনাৰ ভৰ্তি ড্ৰাগছ (হে’ৰইন) সহ হাটে লোটে এটা সৰহবৰাকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ড্ৰাগছ সৰহবৰাকাৰীটো কৃষ্ণাইৰ দুৰ্গাবাৰীৰ সমেন দাস বুলি পৰিচয় পোৱা গৈছে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
