নগাঁও, ০২ মাৰ্চ : সুদ খোৰৰ পাচত নগাঁও আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ জুৱাৰীৰ দল। নগাঁৱৰ চামগুৰি আৰক্ষীয়ে যোৱা কালি নিশা জুৱা খেলৰ লগত জড়িত ৯ জনকৈ জুৱাৰীক আটক কৰে।
নগাঁৱৰ ৰঙাগড়াৰ পৰা আটক কৰে জুৱাৰী কেইজনক। জুৱা খেলৰ লগত জড়িত লোক কেইজন হ”ল ইছমাইল হুচেইন, নাচিৰ হুচেইন, আলি আহমেদ, আব্দুল মান্নান, ৰাকিবোল হুচেইন, ৰচিদুল হক, ম: কৰিম, আফাজুল ৰহমান আৰু নাৰায়ণ দাস।
