কাচাৰ, ২৬ নৱেম্বৰ(হি.স.)। আজি পুৱাৰ ভাগত শিলচৰ মালুগ্ৰাম অঞ্চলত ডিঙিত চিপলৈ থকা অৱস্থাত এগৰাকী অচিনাক্ত যুবকৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে মালুগ্ৰাম ফেৰিঘাটৰ পিছপিনে থকা এখন পথাৰৰ জঙ্ঘলৰ এটা গছত ডিঙিত চিপলৈ থকা অবস্থাত উদ্ধাৰ হয় এগৰাকী যুৱকৰ মৃতদেহ। প্ৰথমে এজন শিশুয়ে মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় সকলক অৱগত কৰে । ইয়াৰ পিছত ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। ঘটনা লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন
