
গুৱাহাটী, ১৬ আগষ্ট (হি.স.)। গুৱাহাটী মহানগৰত বৰ্তমান সাধাৰণ জনতাৰ নিৰাপত্তাৰ প্ৰতি যে চৰম ভাবুকি আহি পৰিছে সেইটো আজি পুনৰ প্ৰমাণ হয়। আজি দুপৰীয়া বাইকত অহা দুই দুৰ্বৃত্তই জালুকবাৰীত এজন লোকৰ হাতৰ পৰা এটা বেগ কাঢ়ি উধাও হয়। বেগটোত লেপটপ সহ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী আছিল।
দুৰ্বৃত্ত দুজনে লোক জনৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল। কিন্তু তেওঁ টকা দিবলৈ অপাৰগতা প্ৰকাশ কৰাত বেগটো কাঢ়ি লৈ দুৰ্বৃত্ত দুজন উধাও হয়। ভুক্তভোগী কৃষ্ণ দাসে জালুকবাৰী আৰক্ষী থানাত ঘটনাটোৰ বিষয়ে এখন এজাহাৰ দাখিল কৰে। বৰ্তমান দুৰ্বৃত্ত দুজনক বিচাৰি আৰক্ষীৰ অনুসন্ধান অব্য়াহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
