কলগাছিয়া মাছ বজাৰৰ কাষত মাইনুদ্দিনৰ দোকানত হোৱা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ হোৱা ঘটনা স্থানীয় জনসাধাৰণৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা এই ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অৱশেষত পদক্ষেপ গ্ৰহণ কৰি কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্য কমল দত্তৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই এখন গুৰুত্বপূর্ণ সফলতা অৰ্জন কৰে।
BulletsIn
-
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাছ বজাৰৰ কাষত মাইনুদ্দিনৰ দোকানত আৰক্ষীয়ে অভিযান চলায়।
-
অভিযান চলাকালত বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ হয়।
-
কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মাইনুদ্দিন আৰক্ষীক দেখে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
-
ঘটনাস্থলীৰ কাষতে থকা আমিনুল হকক ভাঙৰ টুপুলা সহ আৰক্ষীয়ে আটক কৰে।
-
মাইনুদ্দিনৰ দোকানৰ পৰা ৩.৩৮ গ্ৰাম ড্ৰাগছ আৰু ১৮৮.৭৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়।
-
লগতে আমিনুল হকৰ দোকানৰ পৰা বহু পৰিমাণৰ গাঞ্জা আৰু কোৰেক্স জব্দ কৰা হয়।
-
কলগাছিয়া বজাৰত দীৰ্ঘদিন ধৰি চলি থকা গাঞ্জা আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ অভিযোগ আছিল।
-
এই ড্ৰাগছ ব্যৱসায়ে স্থানীয় যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
-
আৰক্ষীৰ এই সফল অভিযানৰ বাবে স্থানীয় ৰাইজে দিব্য কমল দত্ত আৰু তেওঁৰ দলক ধন্যবাদ জ্ঞাপন কৰে।
-
ৰাইজে মাইনুদ্দিনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ড্ৰাগছ ব্যৱসায়ীক কঠোৰ শাস্তি দিয়াৰ দাবী জনায়।
