
হোজাই, ০৪ ছেপ্টেম্বৰ (হি.স.)। হোজাই জিলাৰ লংকাৰ ৰাণীপুখুৰীত পুখুৰীত বিহ দি মাছ নিধন কৰাৰ দৰে দুষ্কাৰ্য সংঘটিত হৈছে। ৰাণীপুখুৰী ৪ নং ৱাৰ্ডৰ ৰূপ কুমাৰ দাস নামৰ লোক জনৰ পুখুৰীৰ ধালিলে বিহ।
ঘটনাৰ সম্পৰ্কত ৰূপ কুমাৰ দাসৰ পন্তী জয়ন্তীৰাণী দাসে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ঘটনাৰ লগত একে গাঁৱৰে সুৰেন্দ্ৰ দাস, লক্ষণ দাস আৰু বলৰাম দাস নামৰ তিনিজন ব্যক্তি জড়িত থকাৰ অভিযোগ কৰে।
ইফালে তিনি অভিযুক্তই জয়ন্তী ৰাণী দাসক দা আদি লৈ আক্ৰমণ চেষ্টা চলাই বুলিও আৰক্ষীক অভিযোগ দিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
