নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। জি এছ টি কাউন্সিলে পলিচিধাৰী সকলক বৃহৎ সকাহ দিছে। এতিয়া ব্যক্তিগত জীৱন বীমা আৰু স্বাস্থ্য বীমা পলিচিৰ প্ৰিমিয়াম সস্তা হ’ব। আচলতে এই বীমা সামগ্ৰীসমূহ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ পৰা ৰেহাই দিয়া হৈছে। নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব সংশোধিত হাৰ।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকৰ অন্তত অনুষ্ঠিত এক সংবাদমেলত ঘোষণা কৰে যে এতিয়া সকলো ধৰণৰ ব্যক্তিগত জীৱন বীমা পলিচি আৰু ইয়াৰ পুনৰ বীমাৰ ওপৰত জি এছ টি নাথাকিব। ইয়াৰ ভিতৰত টাৰ্ম লাইফ, ইউএলআইপি বা এনডাউমেণ্ট পলিচি আদি অন্তৰ্ভুক্ত। বৰ্তমান তেওঁলোকৰ ওপৰত ১৮ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।
তেওঁ কয় যে জি এছ টি কাউন্সিলৰ সিদ্ধান্তৰ পিছত এতিয়া তেওঁলোকৰ ওপৰত সম্পূৰ্ণ ৰেহাই থাকিব। এই পৰিৱৰ্তনৰ লগে লগে সকলো ব্যক্তিগত জীৱন বীমা পলিচি – টাৰ্ম লাইফ, ইউএলআইপি আৰু এনডাউমেণ্ট প্লেনকে ধৰি লগতে তেওঁলোকৰ পুনৰ বীমা এতিয়া শূন্য জিএছটি শ্ৰেণীৰ অন্তৰ্গত হ’ব। এই ৰেহাই পৰিয়াল ফ্ল’টাৰ আৰু জ্যেষ্ঠ নাগৰিক পৰিকল্পনা আৰু তেওঁলোকৰ পুনৰ বীমাকে ধৰি সকলো ব্যক্তিগত স্বাস্থ্য বীমা পলিচিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
সীতাৰমনে কয় যে বীমাৰ ওপৰত জি এছ টি বিলুপ্ত কৰিলে সাধাৰণ মানুহৰ বাবে অধিক সুলভ হ’ব। ইয়াৰ দ্বাৰা সমগ্ৰ দেশতে বীমা কভাৰেজ সম্প্ৰসাৰণত সহায়ক হ’ব। বীমাৰ উপৰিও জি এছ টি কাউন্সিলে বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰতো কৰ হাৰ হ্ৰাস কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
সীতাৰমনে কয় যে স্বাস্থ্য খণ্ডৰ ৩৩ টা জীৱন ৰক্ষাকাৰী ঔষধৰ জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰাৰ বিপৰীতে কেন্সাৰ, বিৰল আৰু দীৰ্ঘম্যাদী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা তিনিটা গুৰুত্বপূৰ্ণ ঔষধকো কৰমুক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও ইউ এইচ টি গাখীৰ, পনিৰ আৰু সকলো ভাৰতীয় ৰুটি যেনে ৰোটি, চাপতি আৰু পৰঠাৰ ওপৰত কোনো ধৰণৰ জি এছ টি নাথাকিব। ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব এই নতুন হাৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
