
বিশ্বনাথ, ২১ ডিচেম্বৰ (হি.স.): বিশ্বনাথ আৰক্ষীয়ে যোৱা কালি শনিবাৰে বিয়লি গ্ৰেপ্তাৰ কৰিলে নুৰুদ্দিন খান পাল নামৰ প্ৰৱঞ্চকটোক । বিশ্বনাথ আৰক্ষীয়ে উত্তৰ লক্ষীমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে প্ৰৱঞ্চক নুৰুদ্দিন খান পালক ৷ দীৰ্ঘদিন ধৰি নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ প্ৰলোভন দি আহিছিল নুৰুদ্দিনয়ে ৷
বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাত ১২০/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ ৷ নিজে মুছলমান ধৰ্ম ত্যাগ কৰি অৰুণাচলত গ্ৰহণ কৰিছিল খীষ্টান ধৰ্ম ৷ বাইবেল পঢ়ি আয়ত্ত কৰি কবিৰাজ হৈ ধন সংগ্ৰহ কৰি আহিছিল নুৰুদ্দিনে ৷ ইফালে কবিৰাজীৰ জৰিয়তে চিকিৎসা কৰাৰ নামত নুৰুদ্দিনয়ে নিচাজাতীয় দ্ৰব্য সেৱন কৰাইছিল বুলিও অভিযোগ উত্থাপিত হৈ আহিছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
