বলীউডৰ বাদশ্বাহ খান বুলি কোৱা শ্বাহৰুখ খানৰ বাবে ২০২৩ বৰ্ষটো বিশেষ আছিল। চলিত বৰ্ষত মুক্তি পোৱা শ্বাহৰুখৰ ছবি ‘পাঠান’ আৰু ‘জোৱান’ ব্লকবাষ্টাৰ হৈছিল। এতিয়া তেওঁৰ ছবি ‘ডংকি’ ২১ ডিছেম্বৰত মুক্তি পাইছে। ইয়াৰ পিছত শ্বাহৰুখৰ অনুৰাগীসকলে মুম্বাইৰ বিখ্যাত প্ৰেক্ষাগৃহ গেইটি গেলেক্সিৰ বাহিৰত আনন্দ উদযাপন কৰে। এই উদযাপনৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
আতচবাজী আৰু ঢোল-
‘ডংকি’ ছবিখনৰ প্ৰথমটো শ্ব’ৰ প্ৰথম দিনটো ঢোল আৰু আতচবাজীৰে উদযাপন কৰে দৰ্শকে। ছবিগৃহৰ বাহিৰত এক বিশাল জনসমাগম গোট খাইছিল। শ্বাহৰুখ খানৰ বৃহৎ কাটআউটও ছবিগৃহৰ বাহিৰৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছিল। টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত শ্বাহৰুখৰ অনুৰাগীসকলে ঢোলৰ তালত একেলগে নাচি থকা দেখা গৈছে। একাংশ অনুৰাগীয়ে ‘ডিংকি’ লিখা বিমানখনৰ কাটাআউট লৈ নাচি আছিল। শ্বাহৰুখ খানে ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টো টুইট কৰিছে। তেওঁ লিখিছে, “ধন্যবাদ ল’ৰাবোৰ, আশাকৰোঁ আপোনালোকে সকলোৱে ভাল পাব।”
ছবিগৃহৰ ভিতৰতো অনুৰাগীৰ আনন্দ উদযাপন-
ডংকিৰ শ্ব’ আৰম্ভ হোৱাৰ লগে লগে ছবিগৃহ ভিতৰৰ অনুৰাগীসকলো আনন্দত জপিয়াই উঠিল। ছবিখনৰ লুট পূট গয়া গীতটোক লৈ অনুৰাগীয়ে ছবিগৃহত আনন্দ উদযাপন কৰে। ছবিখনৰ কিছু দৃশ্যৰ পিছত দৰ্শকে থিয় হৈ হাত চাপৰি বজায়। ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত ‘ডংকি’ত শ্বাহৰুখৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীয়ে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
