দক্ষিণ শালমাৰা মানিকাচৰ, ২৬ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুৰকাৰ পাহাৰ অঞ্চলৰ নাবালিকা এগৰাকীক ধৰ্ষণৰ অভিযোগত এজন যুৱকক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
অভিযোগ অনুসৰি কুৰকাৰ পাহাৰ অঞ্চলৰএজনী ১৭ বছৰীয়া নাবালিকা ছোৱালিক উক্ত অঞ্চলৰ মহৰ আলী নামৰ লোকজনৰ পুত্ৰ আজিনুৰ ৰহমানে ( ১৮বছৰ ৮মাহ) প্ৰথমে প্ৰেম পাশত আবদ্ধ কৰি পিছত ধৰ্ষন কৰাৰ অভিযোগ তোলে নাবালিকা জনীয়ে ৷
উক্ত সংক্ৰান্তত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাই নাবালিকা জনীৰ গোচৰ ভিত্তিত ৩৯/২০২৪ u/s ৪৪৮/৩৭৬(২)/৫০৬ ipc R/w sec ৬ of pocso act.ত গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত আজিনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি ন্যায়ালয়লৈ প্ৰেৰণ কৰে ৷
