
কাৰ্বি আংলং, ২৬ জুলাই (হি.স.)। অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বোকাজানত আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা সহ এটা গাঞ্জা সৰবাহকাৰীক আটক কৰে ৷ আটকধীন লোকজন বোকাজান ছয়ত্ৰিশ ঘৰীয়া হাৰ্ফ মাইল বেল্টৰ পিটি গগৈ বুলি পৰিচয় পোৱা গৈছে।
দীৰ্ঘ দিন ধৰি লোকজনে বোকাজান অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ নিশা তিতাবৰ সমজিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেলৰ নেতৃত্বত চলা অভিযানত গাঞ্জা সহ লোকজনক আটক কৰিবলৈ সক্ষম হয়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
