
নগাঁও, ০৯ আগষ্ট (হি.স.): নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ সহ দুজন লোকক আটক কৰিছে । চলাপথাৰত বটদ্ৰৱা আৰক্ষীয়ে যোৱা কালি শুকুৰবাৰে আবেলি ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ৪১ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। লগতে গ্ৰেপ্তাৰ কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰী ।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে ধিঙৰ জাৰামাৰীৰ আব্দুল ৰহমান আৰু ঢেকিয়াজুলিৰ ৰানীটাপু চাপৰিৰ মজিমুল হক ৷ এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ বনিয়াৰ নেতিত্বত যোৱা এটি আৰক্ষী দলে দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থানালৈ আনে৷ বৰ্তমান অধিক তথ্যৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
