জেৰুজালেম, ০৯ আগষ্ট (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে তেওঁৰ দেশৰ গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ উদ্দেশ্য নাই, কিন্তু ইয়াৰ উদ্দেশ্য হৈছে গাজাক হামাছৰ পৰা মুক্ত কৰি শান্তিপূৰ্ণ প্ৰশাসন স্থাপন কৰা। গাজা চহৰ নিয়ন্ত্ৰণৰ অভিযানৰ বৃহৎ সম্প্ৰসাৰণৰ বাবে নিৰাপত্তা মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ সময়তে এই বিবৃতি প্ৰকাশ পাইছে।
শুকুৰবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত নেতান্যাহুৱে কয় যে, গাজাক নিৰস্ত্ৰ কৰা হ’ব আৰু তাত অসামৰিক প্ৰশাসন স্থাপন কৰা হ’ব, যিটো পেলেষ্টাইন কৰ্তৃপক্ষ নহয়, হামাছ বা আন কোনো সন্ত্ৰাসবাদী সংগঠন নহ’ব। ইয়াৰ দ্বাৰা আমাৰ পণবন্দীসকলক মুক্ত কৰাত সহায়ক হ’ব আৰু ভৱিষ্যতে গাজা ইজৰাইলৰ বাবে ভাবুকি হৈ পৰাত বাধা দিব।
বৃহস্পতিবাৰে টিভিৰ এক সাক্ষাৎকাৰত তেওঁ গাজাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ ইংগিত দিছিল যদিও আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া আৰু মিত্ৰশক্তিৰ উদ্বেগৰ পিছত তেওঁ নিজৰ ভাষা নৰম কৰি তুলিছিল। বিশ্লেষকসকলৰ মতে দখল শব্দটো এৰাই চলাৰ এটা কাৰণ হ’ল যদিহে আইনীভাৱে এনেকুৱা হয় তেন্তে ইজৰাইলে তাত মৌলিক সেৱা আগবঢ়াবলৈ বাধ্য হ’ব।
জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মৰ্জৰ সৈতে হোৱা বাৰ্তালাপত নেতান্যাহুৱে একে স্থিতি পুনৰবাৰ উল্লেখ কৰি জাৰ্মানীয়ে অস্ত্ৰ ৰপ্তানি স্থগিত ৰখাক লৈ হতাশা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
