
তিনিচুকীয়া, ২৫ আগষ্ট (হি.স.): তিনিচুকীয়াৰ ডুমডুমা বাঘজানত যোৱাকালি দেওবাৰে বিয়লি বৃহৎ পৰিমাণৰ গো-মাংস জব্দ কৰে বিশ্ব হিন্দু পৰিষদ আৰু স্থানীয় ৰাইজে। বাঘজান ৭নং লাইনত হেম বেছেৰা নামৰ লোকজনৰ পৰা ২০কেজি আৰু বাঘজান ১০লাইনৰ চন্দন ফুলচাই নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা ৪০কেজি গো-মাংস জব্দ কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে ব্যক্তিদুজনক আটক কৰি আৰক্ষীক চমজাই দিছে স্থানীয় ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বই। বিগত বহুদিনৰ পৰা অঞ্চলসমূহত গো-মাংসৰ ব্যৱসায় চলি থকাৰ সন্দেহ হৈ অহাত অৱশেষচ হাতে-লোতেে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষী উপস্থিত হৈ আটকাধীন ব্যক্তি দুজনক চমজি লোৱাৰ লগতে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। বাঘজান চাহ বাগিচাত এনেদৰে বৃহৎ পৰিমাণৰ গো-মাংস জব্দ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ডুমডুমা অঞ্চলত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
