
বৰপেটা, ২৯ ডিচেম্বৰ (হি.স.): নগৰবেৰাৰ নিউ মাৰ্কেটত যোৱা কালি দেওবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু চুলাই মদসহ এটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তই অভিযান চলাই ৬.২২ গ্ৰাম ড্ৰাগছৰ লগতে বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে প্ৰিয় চৰণ দাস নামৰ এটা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে । দাস হোটেল এণ্ড ৰেষ্টুৰেন্ট নামৰ হোটেল খুলি তাতেই ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল প্ৰিয় চৰণ দাসে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
