ৰাজগীৰ, ২৫ আগষ্ট (হি.স.)। ডিফেণ্ডিং চেম্পিয়ন কোৰিয়াৰ পুৰুষ হকী দলে দেওবাৰে নিশা এছিয়া কাপ ২০২৫ৰ বাবে বিহাৰত উপস্থিত হয়৷ ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ ৰাজগীৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
পুৰুষৰ এছিয়া কাপৰ খিতাপ ৫ বাৰ অভিলেখ সৃষ্টি কৰি এতিয়ালৈকে সৰ্বাধিক সফল দল হিচাপে পৰিগণিত হৈছে কোৰিয়া। ২০২২ চনত জাকাৰ্টাত তেওঁলোকৰ শেষ খিতাপ লাভ কৰিছিল, যেতিয়া তেওঁলোকে ফাইনেলত মালয়েছিয়াক ২-১ গ’লত পৰাস্ত কৰিছিল। বৰ্তমান বিশ্ব হকী ৰেংকিঙত ১৩ নম্বৰ স্থানত থকা কোৰিয়াক পুল-বিত স্থান দিয়া হৈছে, য’ত মালয়েছিয়া, বাংলাদেশ আৰু চীনা টাইপেইৰ বিৰুদ্ধে খেলিব। ২৯ আগষ্টত চীনা টাইপেইৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব, তাৰ পিছত ৩০ আগষ্টত মালয়েছিয়াৰ বিৰুদ্ধে আৰু ১ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে পুল পৰ্যায়ৰ সামৰণি পৰিব।
অধিনায়ক জংছুক বেয়ে আহি পোৱাৰ লগে লগে কয়, ‘ৰাজগীৰত আমাৰ এইখন প্ৰথম প্ৰতিযোগিতা আৰু ইয়াত আমি যি আদৰণি লাভ কৰিছো সেয়া অতি বিশেষ আৰু হৃদয়স্পৰ্শী। ৰাইজৰ আতিথ্য আৰু উৎসাহে আমাৰ বাবে এই প্ৰতিযোগিতাখনক আৰু অধিক বিশেষ কৰি তুলিছে।”
খিতাপ ৰক্ষাৰ প্ৰত্যাহ্বান সন্দৰ্ভত বেয়ে কয়, ‘আমি খিতাপ ৰক্ষা কৰিম বুলি কোৱাটো সহজ নহয়, কাৰণ প্ৰতিটো দল শক্তিশালী আৰু মেচবোৰ কঠিন হ’ব। কিন্তু আমি প্ৰতিশ্ৰুতি দিছো যে আমি খেলপথাৰত আমাৰ শ্ৰেষ্ঠখিনি দিম আৰু সম্পূৰ্ণ দায়বদ্ধতা আৰু আবেগেৰে খেলিম। আমাৰ প্ৰচেষ্টা হ’ব প্ৰশিক্ষণত কৰা কঠোৰ পৰিশ্ৰমক প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰা আৰু ইতিবাচক ফলাফলৰ সৈতে ঘূৰি অহা।”
তেওঁ আৰু কয়, “এই প্ৰতিযোগিতাখনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে কাৰণ বিশ্বকাপৰ টিকট বাজিত পৰিছে। চাপ আছে, কিন্তু আমি ইয়াক বোজা হ’বলৈ দিয়া নাই। ই আমাক অধিক কঠোৰ পৰিশ্ৰম আৰু মনোনিৱেশ কৰি থাকিবলৈ অনুপ্ৰাণিত কৰিছে। আমাৰ লক্ষ্য হৈছে প্ৰতিখন মেচতে আমাৰ সৰ্বোচ্চ সাধন কৰি ভাল ফলাফল লাভ কৰা।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
