নতুন দিল্লী, ১১ নৱেম্বৰ (হি.স.)। ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে শুকুৰবাৰে ৰিলায়েন্স ফাউণ্ডেশ্যন ইউথ স্প’ৰ্টছ (আৰ এফ ৱাই এছ) ফুটবল প্ৰতিযোগিতাক প্ৰশংসা কৰি কয় যে প্ৰতিযোগিতাখনে সঠিক সময়ত যুৱ প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰিছে।
বৰ্তমান ষষ্ঠ ছিজনত চলি থকা আৰ এফ ৱাই এছ টুৰ্ণামেণ্টত ছেত্ৰীয়ে এই প্ৰতিযোগিতাক প্ৰশংসা কৰে। তেওঁ ইয়াক এক আদৰ্শ মঞ্চ হিচাপে অভিহিত কৰিছে যিটো যুৱ খেলুৱৈসকলে পেছাদাৰীভাৱে বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে।
আৰ এফ ৱাই এছৰ সৈতে হোৱা কথা-বতৰাত ছেত্ৰীয়ে কয়, ‘এইটো (আৰ এফ ৱাই এছ) গুৰুত্বপূৰ্ণ কাৰণ আমি সঠিক সময়ত আৰু বয়সত তেওঁলোকক (প্ৰতিভা) চিনাক্ত কৰি আছো। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাখন অতি প্ৰতিযোগিতামূলক। ই সকলো ছোৱালী আৰু ল’ৰাক নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে এক উপযুক্ত মঞ্চ প্ৰদান কৰে।”
তেওঁ কয়-টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰা বহু যুৱ ফুটবলাৰ এতিয়া বেংগালুৰু এফ চি আৰু অন্যান্য ক্লাবৰ হৈ খেলি আছে, গতিকে মই ভাবো এইটোৱেই এক নিখুঁত মঞ্চ।’ মই আশা কৰিছো যে কেৱল এই প্ৰতিযোগিতাখনেই নহয়, আন বহু প্ৰতিযোগিতাও আহিব কাৰণ আমাৰ দেশত বহু প্ৰতিভা আছে।”
বেংগালুৰু এফ চিৰ ছেত্ৰীৰ সতীৰ্থ শিৱশক্তি নাৰায়ণনে ইয়াৰ এক নিখুঁত উদাহৰণ। ২২ বছৰীয়া ফৰৱাৰ্ডগৰাকীয়ে আৰ এফ ৱাই এছত খেলিছিল আৰু ২০২২ চনত ৰিলায়েন্স ফাউণ্ডেশ্যন ডেভেলপমেণ্ট লীগৰ উদ্বোধনী সংস্কৰণৰ অংশও আছিল। ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২২-২৩ত ব্লুজৰ হৈ শিৱশক্তিয়ে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছিল। মুখ্য প্ৰশিক্ষক ক্লিফৰ্ড মিৰাণ্ডাৰ অধীনত এ এফ চি অনূৰ্ধ্ব-২৩ এছিয়ান কাপৰ কোৱালিফায়াৰত খেলা ভাৰতীয় দলটোৰ অধিনায়ক আছিল।
ইয়াৰ উপৰিও আই এছ এলৰ খেলুৱৈ হীৰা মণ্ডল (নৰ্থইষ্ট ইউনাইটেড এফ চি), মেকেন উইংকল ছোটে (হায়দৰাবাদ এফ চি), গুৰ্নাজ সিং গ্ৰেৱাল (ইষ্ট বেংগল এফ চি)ৰ লগতে শিলকি দেৱী হেমাম আৰু মৰিয়ামমল বালামুৰুগানৰ দৰে মহিলা ফুটবলাৰেও আৰ এফ ৱাই এছ ইক’-চিষ্টেমৰ পৰা ওলাই আহিছিল আৰু ইতিমধ্যে বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই আই এছ এলৰ দশম ছিজনত অভিষেক ঘটোৱা পঞ্জাব এফ চিৰ হৈ পাঁচখন মেচত এটা গ’ল দিয়া মেলৰয় মেলভিন আছিছিয়ে ইয়াৰ পূৰ্বেও আৰ এফ ৱাই এছত খেলিছে। তেওঁলোকে সকলোৱে চলি থকা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভৱিষ্যতৰ খেলুৱৈসকলৰ বাবে এক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে, যাতে তেওঁলোকে নিজৰ নিজৰ পেছাদাৰী কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সম্ভাৱ্য পথ অনুসৰণ কৰিব পাৰে।
আৰ এফ ৱাই এছে ২৩/২৪ ছিজনৰ পৰাই এই প্ৰতিযোগিতাত মহিলাৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাই আহিছে। ইয়াৰ অধীনত ল’ৰা-ছোৱালীৰ সমান নামভৰ্তি হোৱাটো মূল উদ্দেশ্য আৰু এই উদ্দেশ্য পূৰণৰ বাবে ১৫ বছৰ অনুৰ্ধ শ্ৰেণীৰ ছোৱালীৰ নামভৰ্তি আৰম্ভ কৰা হৈছে। ছেত্ৰীয়ে এই পদক্ষেপত সন্তোষ প্ৰকাশ কৰি কয় যে দেশত মহিলা ফুটবলক প্ৰচাৰ কৰাৰ লগতে তেওঁলোকক প্ৰতিটো স্তৰতে নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ যথেষ্ট সুযোগ দিয়াৰ এতিয়া সময় আহি পৰিছে।
ছেত্ৰীয়ে কয়, “এইটো বৰ ভাল খবৰ। মই ভাবো এতিয়াই সময় যেতিয়া আমাৰ দেশৰ ছোৱালীবোৰ সঁচাকৈয়ে প্ৰতিভাশালী আৰু তেওঁলোকক প্ৰদৰ্শনৰ বাবে উপযুক্ত মঞ্চ দিয়া উচিত।”
আৰ এফ ৱাই এছৰ বাবেই আশাব্যঞ্জক যুৱক-যুৱতীসকলৰ প্ৰতিভা সম্প্ৰসাৰিত হৈছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে পেছাদাৰী ক্লাব আৰু ইয়াৰ স্কাউটিং নেটৱৰ্কৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলত অনাৱিষ্কৃত খেলুৱৈৰ সম্ভাৱনা চিনাক্ত কৰা। ছেত্ৰীয়ে ইয়াক উদীয়মান সম্ভাৱনাৰ উন্নতিৰ বাবে সমন্বয়ৰে কাম কৰাৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰে।
ছেত্ৰীয়ে কয়, ‘ইয়াৰ পৰা বাছনি কৰিব পৰাকৈ এটা ডাঙৰ পুল (খেলুৱাসকলৰ বাবে) প্ৰদান কৰা হয়। ইয়াৰ দ্বাৰা ক্লাব আৰু অভিভাৱক সংস্থাকে ধৰি সকলোৱে একত্ৰিত হোৱাটো নিশ্চিত হয় যাতে আমি যিমান পাৰো প্ৰতিভা বিকাশ কৰিব পাৰো আৰু একেলগে কাম কৰিব পাৰো। ইয়াৰ দ্বাৰা আমি বাছনি কৰিব পৰা খেলুৱৈৰ বৃহৎ পুল লাভ কৰিব আৰু ভৱিষ্যতে সকলো প্ৰতিভাই ভাল প্ৰদৰ্শন কৰাৰ বাবেও বহু পৰিসৰ লাভ কৰিব।”
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
