
কামৰূপ, ২৫ আগষ্ট (হি.স.)। হাজো আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ। হাজো মিলপাৰাৰ পৰা বৰুৱাবাৰীলৈ সৰবৰাহ কৰা সময়তে চতলাবড়ী-বৰুৱাবাৰী মথাউৰিত অভিযান চলাই হাজো আৰক্ষীয়ে জব্দ কৰে পাঁচ কাৰ্টন কফ চিৰাপ। এখন টেম্পো বাহনত বুজন পৰিমাণৰ কফ চিৰাপ খিনি লৈ গৈছিল ।
ইফালে আন এখন চুইফ বাহনে কফ চিৰাপ কঢ়িয়াই নিয়াত সহযোগ কৰিছিল। এই সন্দৰ্ভত আটক হোৱা লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত হাজো মিলপাৰা এটা গুদামৰ পৰা ৭ কাৰ্টন কফ চিৰাপ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ৩ জন যুৱকক আটক কৰে আৰক্ষীয়ে।
আটক হোৱা যুৱক কেইজন হাজো মিলপাৰাৰ নুৰুল আমিন, আশ্ৰাফুল আলম আৰু বাবৰ আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক কেইজনক সোধ-পোচ চলাই আছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
