
বৰপেটা, ২৮ নৱেম্বৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ নামত ধন সংগ্ৰহৰ নকল পেড ব্যৱহাৰ কৰা সন্দৰ্ভত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এজন লোকক আটক কৰে ভৱানীপুৰ আৰক্ষীয়ে। ভৱানীপুৰ বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ পেড জালিয়াতিৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত আটক হয় ভৱানীপুৰৰ হিৰণ্য দাস নামৰ এজন যুৱক |
ঘটনাটোৰ সতে জড়িত আন এজন ভাৰ্গৱ তালুকদাৰ নামৰ যুৱজন এতিয়াও পলাতক অৱস্থাত আছে।উল্লেখ্য যে যোৱা মংগলবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ বাবে দহ হাজাৰ টকা এখন ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈছিল বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ বিৰুদ্ধে। ইয়াৰ পিছতে মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে দাখিল কৰিছিল এজাহাৰ । আৰু দিগন্ত চৌধুৰীৰ এজাহাৰ ভিত্তিত অনুসন্ধান চলাই বজালী আৰক্ষীয়ে আটক কৰিছে হিৰণ্য দাস নামৰ এজন যুৱকক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
