
ধুবুৰী, ১৭ নৱেম্বৰ (হি.স.): ৰাজ্যত অব্যাহত আছে চোৰাং পশুধনৰ সৰবৰাহৰ ঘটনা। ইয়াৰ মাজতে ধুবুৰীৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে নিশা চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰা হয় । অৱশ্যে এই সন্দৰ্ভত কোনো লোক কৰায়ত্ত হোৱা নাই।
বালাজানৰ ফ্লুৰমিলৰ সন্মুখত আৰক্ষীৰ অভিযানত এখন চাৰি চকীয়া মাৰুতি চুইফট বাহনসহ তিনিটা গো-ধন জব্দ কৰা হৈছে । পশ্চিমবংগৰ পৰা চোৰাং গৰু তিনিটা সৰবৰাহ কৰোতে আৰক্ষীয়ে জব্দ কৰে পশুধন কেইটা । জব্দকৃত বাহন খনৰ নম্বৰ এএছ ০১ জিএ ৫৫০৭ বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষীক দেখি আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বাহন খন এৰি পলায়ন কৰে চোৰাং সৰবৰাহকাৰীৰ দলটোৱে । পিছত আৰক্ষীয়ে জব্দ কৰা বাহনসহ পশুধন কেইটা থানালৈ লৈ আহে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
