
নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে শুকুৰবাৰে যৌথভাৱে অমৰাৱতীত ১৫টা নতুন বেংক আৰু বীমা কোম্পানী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।
অন্ধ্ৰ প্ৰদেশ ভ্ৰমণলৈ যোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে যৌথভাৱে অমৰাৱতী বীজ প্ৰৱেশ পথত ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কোম্পানীসমূহৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। সীতাৰমনে এই উপলক্ষে সভাত ভাষণ দিয়ে।
বিত্তমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতীয় ষ্টেট বেংক (এছ বি আই), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি), নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট (নাবাৰ্ড)কে ধৰি কেইবাটাও বেংকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি এই কাৰ্যালয়সমূহত ১,৩২৮ কোটি টকাৰ বিনিয়োগ জড়িত হৈ থাকিব আৰু ইয়াৰ জৰিয়তে ৬,৫৪১টা নতুন চাকৰিৰ সৃষ্টি হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
