শোণিতপুৰ, ২১ নৱেম্বৰ (হি স)। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত গাঞ্জাসহ আটক হৈছে এজন লোক।জামুগুৰিহাটত আৰক্ষীয়ে ৯ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এটা গাঞ্জাসৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা গাঞ্জা সৰবৰাহকাৰীটোৰ নাম আব্দুল চাহিদ বুলি জানিব পৰা গৈছে ।
জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ দীঘলিচাপৰি পৰা গাঞ্জা সহ আটক কৰে সৰবৰাহকাৰীটোক । উল্লেখ্য যে মদ ভাং ড্ৰাগছকে ধৰি অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও একাংশই আৰক্ষীৰ চকুত ধূলি দি এইদৰে মদ ভাং গাঞ্জাৰ বেহা চলাই গৈছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
