
শোণিতপুৰ, ০৮ আগষ্ট (হি.স.)। তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি ৰঙামাটি বকুল তল অঞ্চলত এগৰাকী বিশেষভাবে সক্ষম কিশোৰীক যোৱাকালি বৃহস্পতিবাৰে নিজ ঘৰতে ধৰ্মেশ্বৰ নাথ নামৰ এজন পঞ্চাশোৰ্ধৰ ব্যক্তিয়ে বলাৎকাৰ কৰা বুলি অভিযোগ উঠিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি অভিযুক্ত ধৰ্মেশ্বৰক নিজ বাসগৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
অভিযোগ অনুসৰি,অভিযুক্ত ধৰ্মেশ্বৰে কালি আন এজন সহযোগীৰ স’তে কিশোৰীগৰাকীৰ বাসগৃহত ৰং লগোৱাৰ কাম কৰি আছিল৷ ইয়াৰ মাজতে সুৰাপান কৰা অভিযুক্তই সুযোগ বুজি গৃহস্থৰ ঘৰৰ বিশেষ ভাবে সক্ষম কিশোৰী গৰাকীক বলাৎকাৰ কৰে ৷ পাছত এই বিষয়ে কিশোৰীৰ পৰিয়ালৰ লোকে জানিব পাৰি কালি বিয়লিয়েই স্থানীয় বিহগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ইপিনে এজাহাৰ দাখিলৰ পাছত আজি দিনৰ প্ৰায় দুই বজাত আৰক্ষীয়ে অভিযুক্ত ধৰ্মেশ্বৰক নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আৰক্ষীয়ে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই ঘটনাৰ তদন্ত শোণিতপুৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই তদন্ত কৰিছে ৷ উল্লেখযোগ্য যে,বিবাহিত আৰু সন্তান তথা নাতিও থকা অভিযুক্তক বৰ্তমান বিহগুৰি আৰক্ষী থানাত সোধপোছ চলাই থকা হৈছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
