গোৱালপাৰা, ২৬ নৱেম্বৰ (হি স)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী চুটিপাৰাত অনুষ্ঠিত হৈছে গাৰো জনগোষ্ঠীৰ ৱাংগালা ফেষ্টিভেল ৷ গাৰো ছাত্ৰ সন্থা, অসম মণ্ডল আৰু গাৰো সাংস্কৃতিক সংঘৰ উদ্যোগত চুটিপাৰা ৰাজহুৱা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৱাংগালা ফেষ্টিভেল ৷
শণিবাৰে ৱাংগালা ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰাকম এ চাংমা মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৃত্য শিল্পী সকলৰ সৈতে খাম (ড্ৰাম) বজাই নৃত্য কৰি আনন্দ উল্লাহ কৰে ৷ এক উদুলি মদুলি পৰিৱেশে বিৰাজ কৰে ৱাংগালা উৎসৱস্থলী ৷ এইবেলি চুটিপাৰাত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক ৱাংগালা ফেষ্টিভেল অনুষ্ঠিত কৰিছে ৷ এই ফেষ্টিভেলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ নৃত্য দলেও অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে, গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীত সমূহ নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই ৱাংগালা ফেষ্টিভেল অনুষ্ঠিত কৰি আহিছে গাৰো ছাত্ৰ সন্থা আৰু গাৰো সাংস্কৃতি সংঘই ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
