ডিব্ৰুগড়, ১৮ ডিছেম্বৰ (হি স)। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্য়াহত আছে। এই অভিযানত নিষিদ্ধ হেৰ’ইন সহ গ্ৰেপ্তাৰ হৈছে এটা সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী লক্ষীন্দ্ৰ তিনিকুৰীয়া ওৰফে গুন্দা (৩৮)ক আটক কৰা হৈছে।
আৰক্ষীয়ে জানিব দিয়া তথ্য অনুসৰি উক্ত অভিযানত ড্ৰাগছ সৰবহাকাৰী লক্ষীন্দ্ৰ তিনিকুৰীয়া ওৰফে গুন্দাৰ ঘৰৰ পৰা প্ৰায় ৩৮.৯৭ গ্ৰাম হেৰইন (with container) আৰু ৫.২৬ গ্ৰাম হেৰইন(without container) সহ, এটা Realme মোবাইল, নগদ ৩০১০০ টকা আৰু ৬ টা কনটেনাৰ (চাধা টেমা) জব্দ কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
