
ধুবুৰী, ০৩ জুলাই (হি.স.): ৰাজ্যত গো মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলি থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গো মাংসৰ অবৈধ সৰবৰাহ। অসম আৰক্ষীক বৃদ্ধাংগুষ্ঠ দেখুৱাই আছে নিষিদ্ধ গো মাংস সৰবৰাহকাৰীয়ে।চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গো মাংস। আজি ৰাতিপুৱাই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান।
অভিযানত গৌৰীপুৰ অভিমুখি নম্বৰ প্লেট বিহীন স্কুটি ৰখাবলৈ নিৰ্দেশ দিয়ে। পিছত স্কুটি খন দুৰ্ঘটনা সংঘটিত কৰি চালক দৌৰি পলায়ন কৰে যদিও এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। পিছত স্কুটি খনত তালাচি চলাই প্ৰায় ২ কুইন্টল নিষিদ্ধ গো মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীৰ জন পশ্চিমবংগৰ বক্সিৰহাট থানাৰ মানসাইৰ আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
