
ধুবুৰী, ০৭ অক্টোবৰ (হি.স.): তামাৰহাটৰ পাগলাহাটত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। পিতৃৰ মৃতদেহ আগত ৰাখি কুলঙ্গাৰ পুত্ৰই চোকা অস্ত্ৰৰে মাতৃক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে । বলোৰাম নামৰ কুলাংগাৰ পুত্ৰই এই লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত কৰে।
জানিব পৰামতে, পাগলাহাট আৰক্ষী চকীৰ পাগলাগঞ্জ গাঁৱৰ দুলাল ৰায় নামৰ ব্যক্তিজনৰ কালি মৃত্যু হয় । ধুবুৰী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দুলাল ৰায়ৰ । কালি বিয়লি ভাগত মৃতদেহ লৈ আহে নিজ গৃহত । মৃতদেহ অনাৰ পিছতে দুলাল ৰায়ৰ ঘৈণীয়েক শেফালী ৰায় আৰু পুত্ৰ বলোৰাম ৰায়ৰ মাজত সৃষ্টি হয় কাজিয়াৰ । ইয়াৰ মাজতে পিতৃৰ মৃতদেহৰ সন্মুখতে পুত্ৰ বলোৰাম ৰায়ে চোকা অস্ত্ৰৰে আক্ৰমন কৰে মাতৃ শেফালী ৰায়ক । মুৰ্মুৰ্ষ অৱস্থাত শেফালী ৰায়ক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ধুবুৰী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মাতৃ শেফালী ৰায়ৰো মৃত্যু হয় ।আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় পাগলাহাট আৰক্ষী ।কুলাংগাৰ পুত্ৰ বলোৰাম ৰায়ক আটক কৰি থানালৈ নিয়ে ।এফালে চোতালত পিতৃৰ মৃতদেহ, আনফালে পুত্ৰৰ আক্ৰমণত মাতৃৰ মৃতদেহ চিকিৎসালয়ত আৰু হাতত হেনকাফ লৈ থানাত কুলাংগাৰ পুত্ৰ বলোৰাম ৰায় । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
