ধুবুৰী, ১১ ছেপ্টেম্বৰ (হি.স.): অবৈধ ড্ৰাগছৰ বিৰুদ্ধে যোৱাকালি বুধবাৰে সন্ধিয়া গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলায়। অভিযানত নিচাযুক্ত টেবলেট সহ আটক কৰিলে এজন সৰবৰাহকাৰীক।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে বৰুনডাঙা আপৰাৰ পাৰত অভিযান চলাই মিজানুৰ ৰহমান ওৰফে মৃদুল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। পিছত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মিজানুৰ ৰহমান ওৰফে মৃদুলৰ পৰা ২৮ টাকৈ পাইভন স্পাচ প্লাচ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। ধৃত মিজানুৰ ৰহমান ওৰফে মৃদুল দক্ষিণ কাচখানাৰ হবিবৰ ৰহমানৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
