
তিনিচুকীয়া, ২৭ নৱেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ চাবুৱা আৰু লাহোৱাল আৰক্ষীয়ে মানৱ সৰবৰাহৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য। চাবুৱা আৰু লাহোৱাল আৰক্ষীয়ে যোৱা কালি বুধবাৰে সন্ধিয়া যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা শিশু সৰবৰাহকাৰীক। ধৃত শিশু সৰবৰাহকাৰীটো চাবুৱাৰ কদমনিৰ বিজয় পাটনায়ক (৪০) বুলি জনা গৈছে।
তিনিচুকীয়া ৰে’ল ষ্টেচনৰ পৰা গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় চাবুৱা আৰু লাহোৱাল আৰক্ষীয়ে। দুগৰাকী নাবালিকা আৰু এজন নাবালকক বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নিওঁতেই তিনিচুকীয়া ৰে’ল ষ্টেচনৰ পৰা হাতে লোটে কৰায়ত্ত কৰে। আৰক্ষীয়ে নিজাববীয়াকৈ 140/25.. US 137(2)/143(5) BNS ৰ আধাৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ধৃত মানৱ সৰবৰাহকাৰী বিজয় পাটনায়কক। এই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
