ই ৰিচাইক্লিং- পুনৰব্যৱহাৰ অৱধাৰণাৰ এক সাক্ষী
গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। যাত্ৰীসকলক আহাৰ গ্ৰহণৰ এক অনন্য পৰিৱেশ প্ৰদান কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ প্ৰধান ষ্টেচন আৰু পইণ্ট সমূহত ৰে’ল কোচ ৰেষ্টুৰেণ্ট মুকলি কৰি আহিছে। এই ৰেষ্টুৰেণ্ট সমূহ ৰে’ল যাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজক আহাৰ গ্ৰহণৰ সুযোগ প্ৰদান কৰিবলৈ চাৰ্কুলেটিং এলেকাৰ খালী ঠাইত মুকলি কৰা হৈছে। এই ৰে’লকো চৰেষ্টুৰেণ্ট সমূহে ভ্ৰমণকাৰী আৰু জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ কিছুমান পুৰণি ৰেলৰডবা যি সমূহ ব্যৱহাৰৰ বাবে উপযুক্ত নহয়, ৰিচাইক্লিঙৰ পুনৰব্যৱহাৰৰ ধাৰণাৰে ৰূপান্তৰ কৰিছে।.
এতিয়ালৈকে সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱেত ১৩ টা কোচ ৰেষ্টুৰেণ্ট কাৰ্যক্ষম হৈ আছে। কাটিহাৰত আঠখন কোচৰেষ্টুৰেণ্ট, আলিপুৰদুৱাৰত দুখন আৰু ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াত এখনকৈ কোচ ৰেষ্টুৰেণ্ট ইতিমধ্যে স্থাপন কৰা হৈছে আৰু ৰে’লযাত্ৰী আৰু সাধাৰণ ৰাইজ উভয়ে ভোজনৰ অনন্য অভিজ্ঞতা উপভোগ কৰি আহিছে।
তদুপৰি, এনে কোচৰেষ্টুৰেণ্ট প্ৰৱৰ্তন কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৬২ টা স্থান বাছনি কৰা হৈছে।কোচৰেষ্টুৰেণ্টৰ পৰিকল্পনা কৰা হৈ আছে আৰু কাটিহাৰত ৭ টা,আলিপুৰদুৱাৰত ১৩ টা, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ প্ৰত্যেকৰে ১৪ টা স্থানত এই কোচ ৰেষ্টুৰেন্ট স্থাপনৰ কাম চলি আছে।
কোচৰেষ্টুৰেণ্ট সমূহ ভ্ৰমণ কাৰী সকলৰ আকৰ্ষণৰ বাবে নান্দনিক আৰু মনোৰম ঐতিহ্যগত আৰ্হিত স্থাপন কৰা হৈছে।মানুহে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ৰেলৰ ডবাত খোৱাৰ অভিজ্ঞতা লাভ কৰাৰ লগতে নান্দনিক অনুভূতি লাভ কৰিব পাৰে। কোচ ৰেষ্টুৰেণ্টত খাদ্য, জলপান আৰু পানীয় ক্ৰয় কৰাৰ সুবিধা থাকিব।
এই ৰেষ্টুৰেণ্ট সমূহৰ লক্ষ্য হৈছে ৰে’লৱেৰ বাবে নন-ফেয়াৰ ৰাজহ উপাৰ্জন কৰাৰ উপৰিও যাত্ৰী আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰা। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এইপদক্ষেপে দক্ষ আৰু অদক্ষ দুয়ো প্ৰকাৰৰ কৰ্মচাৰীৰ বাবে নিযুক্তি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
হিন্দু্স্থান সমাচাৰ/আলোক/মনোজ
