গুৱাহাটী, ০১ জুলাই (হি.স.)। অৱশেষত গুৱাহাটীৰ কামাখ্যা গেট অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে জালুকবাৰী আৰক্ষীয়ে। এক গোপন তথ্যৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে এ এছ ২৫ ডি চি ০৮৬২ নম্বৰৰ এখন অট’ৰ পৰা চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ধৃত যুৱক কেইজন ক্ৰমে জিতু দাস, নিপেন বৈশ্য, প্ৰাণজিৎ দাস আৰু সঞ্জয় দাস বুলি জানিব পৰা গৈছে। তেওঁলোকৰ পৰা ১৩টা কন্টেইনাৰত ৰখা প্ৰায় ১৮ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। তথ্য অনুসৰি অভিযুক্তই অটোখনত বহি নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি আছিল।
এই ঘটনাৰ পিছত কামাখ্যা গেট এলেকাত বিৰাট চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ মতে, এই অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলি আছিল। জালুকবাৰী আৰক্ষীৰ তৎপৰতাৰ বাবে সাধাৰণ ৰাইজে স্বস্তিৰ উশাহ লৈছে।
বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
