গোলাঘাট ফ্ৰেব্ৰুৱাৰী: গোলাঘাট জিলাৰ মেৰাপানীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ স্বত্বাধীকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। লাকী বন্ধন নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে মেৰাপানীৰ চলংপথাৰত মুখ্য শাখা মুকলি কৰি সৰ্ব সাধাৰণ লোকৰ পৰা লোণ দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আহিছে। লাকী বন্ধনৰ মুখ্য পৰিচালক ধুবুৰীৰ চিয়াজ উদ্দিন আলীক গ্ৰেপ্তাৰ।
উল্লেখযোগ্য যে উক্ত লাকী বন্ধন বেংকৰ মুখ্য পৰিচালক চিয়াজ উদ্দিন আলীৰ বিৰুদ্ধে তামুলপুৰতো এনেধৰণৰ বেংকৰ শাখা খুলি গ্ৰাহকৰ পৰা ধন লুটি পলাই আহি মেৰাপানীত বাহৰ পাতি আছিল। তামুলপুৰৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে চিয়াজ উদ্দিন আলীক।
