দৰং, ০৪ মাৰ্চ : দৰং জিলাৰ ছিপাঝাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নাপালে ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁৱৰ চাইফুল আলম নামৰ ছাত্ৰজনে।
উল্লেখ্য় যে চাৰিদিন পূৰ্বে গণিত বিষয়ৰ পৰীক্ষা দি ঘৰলৈ বুলি গৈ থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল অতি দৰিদ্ৰ পৰিয়ালৰ এই ছাত্র গৰাকী। ইয়াৰ পিছত যোৱানিশা চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় এই ছাত্ৰ গৰাকীয়ে। ছাত্ৰ গৰাকীৰ মৃত্যুত অঞ্চলটিত শোকাকূল পৰিবেশৰ সৃষ্টি হৈছে।
