নতুন দিল্লী, ২৭ জুলাই (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহটোত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ২.২২ লাখ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত সৰ্বাধিক লোকচান হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ৪টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ১.০৩ লাখ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত এইচ ডি এফ চি বেংকে সৰ্বাধিক লাভৱান হৈছিল।
এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ইনফ’ছিছ, বাজাজ ফাইনেন্স, হিন্দুস্তান ইউনিলিভাৰ আৰু ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য ২,২২,১৯৩.১৭ কোটি টকা হ্ৰাস পাইছে। আনহাতে, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, আই চি আই চি আই বেংক, ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ১,০৩,৫০২.৪৮ কোটি টকা বৃদ্ধি।
ইফালে ২১ৰ পৰা ২৫ জুলাইৰ ভিতৰত এই সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ১,১৪,৬৮৭.৭০ কোটি টকা হ্ৰাস পাই ১৮,৮৩,৮৫৫.৫২ কোটি টকা হৈছে। একেদৰে ইনফ’ছিছৰ মাৰ্কেট কেপ ২৯,৪৭৪.৫৬ কোটি টকা হ্ৰাস পাই ৬,২৯,৬২১.৫৬ কোটি টকা হয়। ইয়াৰ উপৰিও ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ২৩,০৮৬.২৪ কোটি টকা হ্ৰাস পাই ৫,৬০,৭৪২.৬৭ কোটি টকা, টাটা কনছালটেন্সি চাৰ্ভিচেছৰ (টিচিএছ) ২০,০৮০.৩৯ কোটি টকা হ্ৰাস পাই ১১,৩৪,০৩৫.২৬ কোটি টকা, বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৭,৫২৪.৩০ কোটি টকা হ্ৰাস পাই ৫,৬৭,৭৬৮.৫৩ কোটি টকা আৰু হিন্দুস্তান ইউনিলিভাৰ ১৭,৩৩৯.৯৮ কোটি টকা হ্ৰাস পাই ৫,৬৭,৪৪৯.৭৯ কোটি টকা হয়।
আনহাতে, এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৩৭,১৬১.৫৩ কোটি টকা বৃদ্ধি পাই ১৫,৩৮,০৭৮.৯৫ কোটি টকা হয়। একেদৰে আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৩৫,৮১৪.৪১ কোটি টকা বৃদ্ধি পাই ১০,৫৩,৮২৩.১৪ কোটি টকা হয়। ইয়াৰ উপৰিও ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ২০,৮৪১.২০ কোটি টকা জপিয়াই ১১,০৪,৮৩৯.৯৩ কোটি টকা আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ মাৰ্কেট কেপ ৯,৬৮৫.৩৪ কোটি টকা বৃদ্ধি পাই ৭,৪৪,৪৪৯.৩১ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূলধন ১৮,৮৩,৮৫৫.৫২ কোটি টকাৰে দেশৰ ভিতৰতে সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,৩৮,০৭৮.৯৫ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১১,৩৪,০৩৫.২৬ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,০৪,৮৩৯.৯৩ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,৫৩,৮২৩.১৪ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,৪৪,৪৪৯.৩১ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,২৯,৬২১.৫৬ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৬৭,৭৬৮.৫৩ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৬৭,৪৪৯.৭৯ কোটি টকা) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৬০,৭৪২.৬৭ কোটি টকা) সৰ্বাধিক মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
