নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰী : বিশ্বৰ আগশাৰীৰ ই-কমাৰ্চ কোম্পানী আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে অহা ১২ মাহত কোম্পানীটোৰ ৫ কোটি (৫০ মিলিয়ন) শ্বেয়াৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। এক প্ৰতিবেদন অনুসৰি বৰ্তমান প্ৰতি শ্বেয়াৰৰ মূল্য ১৭১.৮ ডলাৰত এই আমাজনৰ শ্বেয়াৰৰ মুঠ মূল্য হৈছে ৮.৬ বিলিয়ন ডলাৰ।
আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন (এছইচি)ত দাখিল কৰা তথ্য অনুসৰি আমাজনৰ কোটিপতি প্ৰতিষ্ঠাপকে সৰ্বাধিক ৫ কোটি শ্বেয়াৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। এছ ই চিৰ ফাইলিঙত প্ৰকাশ পাইছে যে জেফ বেজ’ছৰ হাতত আমাজনৰ ষ্টকৰ প্ৰায় এক বিলিয়ন শ্বেয়াৰ আছে। অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত আশা কৰাতকৈ অধিক বিক্ৰী পঞ্জীয়ন কৰাৰ পিছত শুকুৰবাৰে আমাজনৰ শ্বেয়াৰত প্ৰায় ৮ শতাংশ উত্থান ঘটে।
কোম্পানীটোৰ নতুন বাৰ্ষিক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ ৮ নৱেম্বৰৰ পৰা আমাজনৰ শ্বেয়াৰৰ এই বিক্ৰী পৰিকল্পনা আৰম্ভ হৈছিল, যিটো ২০২৫ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব। ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ১৪৯.২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২০২৩ চনৰ ৩১ ডিছেম্বৰত সমাপ্ত হোৱা ত্ৰৈমাসিকত আমাজনৰ নিকা বিক্ৰী ১৪ শতাংশ জপিয়াই ১৭০ বিলিয়ন ডলাৰ হৈছে।
উল্লেখযোগ্য যে জেফ বেজোছে ১৯৯৪ চনত অনলাইন ই-কমাৰ্চ কোম্পানী আমাজন প্ৰতিষ্ঠা কৰিছিল। ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি বেজোছ বৰ্তমান ১৮৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ তৃতীয় সৰ্বাধিক ধনী ব্যক্তি।
