আগৰতলা, ০৩ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এইবাৰ বিএছএফৰ বাহনৰ পৰা গাঞ্জা জব্দ কৰা হৈছে। বিএছএফ লিখা বলেৰ’ বাহন এখনৰ পৰা জব্দ কৰা হয় ৩৮১.৬০০ কেজি গাঞ্জা। শুক্ৰবাৰে নিশা ধলাই জিলাৰ আৰক্ষীয়ে দুৰ্গা চৌমুহানিত এখন সন্দেহজনক বলেৰ” বাহনত তালাচী চলাই জব্দ কৰে ৩৮১ কেজি গাঞ্জা।
উল্লেখ্য় যে বলেৰ’ খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৪১ টা গাঞ্জাৰ পেকেট। পেকেট কেইটাৰ পৰা মুঠ ৩৮১ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাৰ মুল্য প্ৰায় ৭৬.৩২ লাখ টকা হব বুলি কোৱা হৈছে। এই সংক্ৰান্তত কমলপুৰ থানাত এটি গোচৰ ৰুজু কৰা হৈছে।
