নতুন দিল্লী, ২৯ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অন্তৱৰ্তীকালীন বাজেটৰ এদিন পূৰ্বে বিত্তমন্ত্ৰীয়ে সদনত অৰ্থনৈতিক জৰীপ উত্থাপন কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন আৰু ৯ ফেব্ৰুৱাৰীলৈকে চলিব।
সম্পূৰ্ণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেটৰ মাজৰ পাৰ্থক্য –
কেন্দ্ৰীয় বাজেট হৈছে দেশৰ বাৰ্ষিক বিত্তীয় হিচাপ। অৰ্থাৎ বাজেট হৈছে চৰকাৰৰ এটা বিশেষ বিত্তীয় বৰ্ষৰ উপাৰ্জন আৰু ব্যয়ৰ আনুমানিক বিৱৰণী। বাজেটৰ জৰিয়তে চৰকাৰে সিদ্ধান্ত লয় যে আগন্তুক বিত্তীয় বৰ্ষত উপাৰ্জনৰ তুলনাত কিমান পৰিমাণে ব্যয় কৰিব পাৰিব। প্ৰতিটো বিত্তীয় বৰ্ষৰ আৰম্ভণিতে চৰকাৰে বাজেট দাখিল কৰিবলগীয়া হয়। ভাৰতত বিত্তীয় বৰ্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ আৰম্ভ হয়।
সাধাৰণ নিৰ্বাচনৰ সিদ্ধান্ত আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত সম্পূৰ্ণ বাজেট দাখিল নকৰালৈকে অন্তৱৰ্তীকালীন বাজেটত চৰকাৰক দেশ চলাবলৈ পুঁজিৰ ব্যৱস্থা কৰা হয়। অন্তৱৰ্তীকালীন বাজেট শব্দটো চৰকাৰী নহয়। আনুষ্ঠানিকভাৱে অন্তৱৰ্তীকালীন বাজেটক ভোট অন একাউণ্ট বুলি কোৱা হয়। নিৰ্বাচনৰ পিছত নতুন চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট দাখিল কৰিব।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত একেৰাহে ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব। ইয়াৰ লগে লগে তেওঁ দেশৰ দ্বিতীয়গৰাকী বিত্তমন্ত্ৰী হ’ব, যিয়ে একেৰাহে ৫খন সম্পূৰ্ণ বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব।
