-ফাষ্টেগৰ কে ৱাই চি আৰু জি এছ টি নিয়মত কৰা পৰিৱৰ্তন
নতুন দিল্লী, ০১ মাৰ্চ : চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ শেষ মাহত ১ মাৰ্চত বহু পৰিৱৰ্তন হৈছে। চৰকাৰে ফাষ্টেগ কেৱাইচি আৰু জিএছটিৰ নিয়মৰ সালসলনি কৰিছে। ইফালে ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকা বৃদ্ধি কৰিছে। ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। শুকুৰবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ১৭৯৫ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ১৭৬৯.৫০ টকাত উপলব্ধ আছিল। কলকাতাত ইয়াৰ মূল্য ২৪ টকা বৃদ্ধি পাই ১৯১১ টকা প্ৰতি চিলিণ্ডাৰত। মুম্বাইত এই চিলিণ্ডাৰটো ২৫.৫০ টকাকৈ ব্যয়বহুল হ’ব আৰু ১৭৪৯ টকাত উপলব্ধ হ’ব। চেন্নাইত ইয়াৰ মূল্য ২৩.৫০ বৃদ্ধি পাই ১৯৬০.৫০ টকা হৈছে। কিন্তু ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
উল্লেখযোগ্য যে চৰকাৰে ফাষ্টেগ কৰা কেৱাইচি সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ২৯ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছিল। এনে পৰিস্থিতিত যিসকলে কেৱাইচি সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ ফাষ্টেগ ব্লেকলিষ্ট (নিষ্ক্ৰিয়) হ’ব আৰু তেওঁলোকে হয়তো ডাবল টোল টেক্স দিব লাগিব। ইয়াৰ বাহিৰেও জি এছ টিৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়া ৫ কোটিতকৈ অধিক টৰ্নঅভাৰ থকা ব্যৱসায়ীসকলে ই-চালান অবিহনে ই-ৱে বিল জেনেৰেট কৰিব নোৱাৰিব।
