কৰাচী, ০১ মাৰ্চ: অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক অনিশ্চয়তাৰ সন্মুখীন হোৱা পাকিস্তানৰ বাবে চীনৰ পৰা লোৱা ১.৮ বিলিয়ন ডলাৰৰ ঋণ সংকটৰ কাৰণ হৈ পৰিছে। বৰ্তমান পাকিস্তানে বৈদেশিক মুদ্ৰাৰ নাটনিৰ সন্মুখীন হৈছে। তথ্য অনুসৰি মাৰ্চ মাহত চীনৰ ঋণ পৰিশোধৰ বাবে ১.৮ বিলিয়ন ডলাৰৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছে ষ্টেট বেংক অৱ পাকিস্তান। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, চীনক এই ধন দিবলৈ চৰকাৰে এতিয়াও ১.৮ বিলিয়ন ডলাৰৰ সমতুল্য স্থানীয় মুদ্ৰা বেংকটোক দিয়া নাই।
সূত্ৰ অনুসৰি ৮০ কোটি ডলাৰৰ বিনিময়ত স্থানীয় মুদ্ৰা প্ৰদান কৰা হৈছে যদিও পাকিস্তানৰ কেন্দ্ৰীয় বেংকে এই ধনৰাশি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰিব বিচৰা নাই। পাকিস্তানৰ ষ্টেট বেংকে বিনিময় হাৰৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৮ বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত ৰখাৰ চেষ্টা চলাইছে যদিও বহু ঋণ আৰু অন্যান্য বকেয়া ধন পৰিশোধৰ শাৰীত আছে। এনে পৰিস্থিতিত চীনৰ ঋণ পৰিশোধ কৰিবলৈ ১.৮ বিলিয়ন ডলাৰ সংগ্ৰহ কৰাটো সহজ নহয়।
