ডিব্ৰুগড়, ৩১ ডিছেম্বৰ (হি.স.): ডিব্ৰুগড় জিলা টিংখাঙৰ পানীবিলত শনিবাৰৰ বিয়লিৰ ৰেপৰা আৰম্ভ হৈছে তিনিদিনীয়া খাদ্য মেলা ৷ এই উপলক্ষে চৌদিশে বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ ৷
দিহিংচাং বহুমুখী প্ৰকল্প, পানীবিল মৎস্য পালন কেন্দ্ৰ আৰু পৰ্যটন কেন্দ্ৰ তথা সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ উদ্যোগত আৰু বৰবাম গাঁও পঞ্চায়তৰ সহযোগত পানীবিলত যোৱাকালি বিয়লিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে থলুৱা খাদ্য মেলা ৷ কালি বিয়লি উক্ত খাদ্য মেলা মুকলি কৰে সমষ্টিটোৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াই ৷ অহা ১ জানুৱাৰী লৈকে চলিব লগা উক্ত খাদ্য মেলাত উপলব্ধ হ’ব গৰম ঠাণ্ডা জুতিলগা সকলো ব্যঞ্জন ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
