নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। চুজুকি মটৰ চাইকেল ইণ্ডিয়াই জি এছ টি ২.০ সংস্কাৰৰ সম্পূৰ্ণ সুবিধা গ্ৰাহকক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। কোম্পানীটোৱে নিজৰ সকলো মডেলতে ১৮,০২৪ ₹ পৰ্যন্ত মূল্য হ্ৰাস কৰিছে। ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।
শুকুৰবাৰে চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এক বিবৃতিত কয় যে জি এছ টি ৪ ৰেট হ্ৰাসৰ সুবিধা গ্ৰাহকৰ ওচৰলৈ আগবঢ়াই নিবলৈ তেওঁলোকৰ স্কুটাৰ আৰু বাইকৰ দাম ১৮,০২৪ ₹ পৰ্যন্ত হ্ৰাস কৰিব। কোম্পানীটোৱে জনোৱা মতে, ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা সংশোধিত মূল্যৰ সৈতে গ্ৰাহকে এই সঞ্চয় উপভোগ কৰিব পাৰিব।কোম্পানীটোৱে লগতে কয় যে দুচকীয়া বাহনৰ লগতে কম্পোনেণ্ট আৰু অন্যান্য আনুষংগিক সামগ্ৰীৰ খৰচো হ্ৰাস পাব। ৩৫০ চিচিতকৈ কম ক্ষমতাৰ দুচকীয়া বাহনৰ জিএছটিৰ হাৰ হ্ৰাস কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ পিছতে এই হ্ৰাসৰ তথ্য পোহৰলৈ আহিছে।
বিক্ৰী আৰু বিপণনৰ উপ-সভাপতি দীপক মুত্ৰেজাই কয় যে ভাৰত চৰকাৰৰ জি এছ টি ২.০ সংস্কাৰক আমি আদৰণি জনাইছো, যিটো সাধাৰণ জনতাৰ বাবে পৰিবহণ ব্যৱস্থা অধিক সুলভ কৰি তোলাৰ দিশত এক প্ৰগতিশীল পদক্ষেপ। তেওঁ লগতে কয় যে উৎসৱৰ বতৰৰ ঠিক আগতেই দুচকীয়া বাহনৰ চাহিদা বৃদ্ধি পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
