নতুন দিল্লী/পাটনা, ১১ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে কয় যে ভাৰত-আমেৰিকাৰ প্ৰথম পৰ্যায়ৰ বাণিজ্য চুক্তি নৱেম্বৰৰ ভিতৰত চূড়ান্ত হ’ব। আলোচনা যিদৰে আগবাঢ়িছে তাত দুয়োপক্ষ সন্তুষ্ট বুলিও তেওঁ কয়।
বিহাৰৰ ৰাজধানী পাটনাত আয়োজিত সংবাদমেল সম্বোধন কৰি গোৱেলে কয় যে নৱেম্বৰৰ ভিতৰত বাণিজ্য চুক্তি চূড়ান্ত কৰা হ’ব। ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অগ্ৰগতি হৈছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দুয়োজনে নিশ্চিত কৰিছে।
ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত ইতিবাচক আদান-প্ৰদানৰ এদিন পিছতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প দুয়োজনে নিজৰ মন্ত্ৰীসকলক এই চুক্তিৰ প্ৰথম অংশ নৱেম্বৰৰ ভিতৰত চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিছিল।
বুধবাৰে ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা এক অনুষ্ঠানত গোৱালে একে কথাকে পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে আমেৰিকা আৰু নিউজিলেণ্ডৰ সৈতে সম্ভাৱ্য বাণিজ্যিক চুক্তিৰ বাবে সক্ৰিয়ভাৱে আলোচনা কৰি আছে। ইফালে, চলিত মাহৰ শেষৰ ফালে আমেৰিকাৰ পৰা আলোচনাপন্থীৰ এটা দল ভাৰত ভ্ৰমণ কৰিব আৰু নৱেম্বৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ) স্বাক্ষৰিত হ’ব। ভাৰতৰ মুখ্য আলোচনাপন্থী ৰাজেশ মালহোত্ৰাই বাণিজ্য চুক্তিৰ বিভিন্ন পৰিমাপৰ ওপৰত কাম কৰি আছে।
মন কৰিবলগীয়া যে এই কথোপকথনে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা হ্ৰাস পোৱাৰ ইংগিত দিছে, আনহাতে মাত্ৰ কেইসপ্তাহমানৰ আগতে ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ বৃহৎ শুল্ক আৰোপ কৰিছিল। ২৫ শতাংশ ভিত্তি ৰেখা শুল্কৰ উপৰিও ইয়াৰ ভিতৰত ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শাস্তিমূলক শুল্কও অন্তৰ্ভুক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
